পৰিৱৰ্তনৰ কথামালা (…stories of change)

নতুন পোহৰৰ সন্ধানত(in search of a new light) ৰীণা গগৈ বৰা, গোলাঘাটRina Gogoi Bora, Golaghat “অ আই গাড়ীত যাওঁতে সাৱধান হৈ যাবি। আজিকালি ভাল মানুহৰ মুখা পিন্ধি দগাবাজ, ঠগ-প্ৰৱঞ্চকো যায়। গতিকে সাৱধান। সহযাত্ৰীৰ লগত বেছি ঘনিষ্ঠ নহ’বি। মিটিঙত ভালকে কথাবোৰ শিকি-বুজি আহিবি।” — যোৱা জুন মাহত ঘৰৰপৰা গুৱাহাটীলৈ নৰ্থ ইষ্ট নেটৱৰ্কৰ (নেন) তিনিদিনীয়া প্ৰশিক্ষণলৈ ওলাই…