নতুন পোহৰৰ সন্ধানত
(in search of a new light)
ৰীণা গগৈ বৰা, গোলাঘাট
Rina Gogoi Bora, Golaghat
“অ আই গাড়ীত যাওঁতে সাৱধান হৈ যাবি। আজিকালি ভাল মানুহৰ মুখা পিন্ধি দগাবাজ, ঠগ-প্ৰৱঞ্চকো যায়। গতিকে সাৱধান। সহযাত্ৰীৰ লগত বেছি ঘনিষ্ঠ নহ’বি। মিটিঙত ভালকে কথাবোৰ শিকি-বুজি আহিবি।” — যোৱা জুন মাহত ঘৰৰপৰা গুৱাহাটীলৈ নৰ্থ ইষ্ট নেটৱৰ্কৰ (নেন) তিনিদিনীয়া প্ৰশিক্ষণলৈ ওলাই আহোঁতে শাহু আয়ে কোৱা কথা এয়া। কিবা প্ৰশিক্ষণ বুলি এনেকৈ অকলে ঘৰ এৰি অহাটো এসময়ত অসম্ভৱ আছিল। আজিৰপৰা কেইবছৰমান আগতে গাঁৱতে হোৱা সভালৈ বুলি ওলাওঁতেও ঘৰখনৰপৰা কিমান যে বাধা পাইছিলোঁ। সকলোৰে কথাবোৰ একেই আছিল — “খেতিৰ দিনত কিহৰ সভা-সমিতি”, “মাইকী মানুহে সভা-সমিতি পাতি ফুৰা সমাজত শোভা নাপায়”। শাহু আইৰো অনেক বাধা — অ’লৈ নেযাবি, ত’লৈ নেযাবি। সেই কেইদিন ময়ো যে কিমান অশান্তিত ভুগিছিলোঁ। কাকো একো বুজাব নোৱাৰি। প্ৰত্যেকেই আঁকোৰগোজ — “বোৱাৰী সদায় জাপৰ কাপোৰ হৈ থাকিব লাগে। ঘৰ-সংসাৰ পৰিচালনা কৰিব লাগে। গতিকে এই মিটিং, সংগঠনসমূহত মাইকী মানুহৰ কাম কি।” মই বৰ অশান্তিত পৰিছিলোঁ। মনত অলেখ সপোন আছিল। টি ভি, বাতৰি-কাকতত নাৰী নিৰ্যাতনৰ ঘটনাবোৰ দেখিলে মনটোৱে কান্দি উঠে। সদায় ভাবোঁ আমাৰ অঞ্চলৰ মহিলাসকলৰ বাবে কিবা অলপো যদি কৰিব পাৰিলোঁহেঁতেন। কিন্তু এই ক্ষেত্ৰত প্ৰথমটো খোঁজ দিওঁতেই পৰিয়ালৰপৰা বাধা পালোঁ। হাজাৰ হওক মই বোৱাৰী, গতিকে মুকলিকৈ প্ৰতিবাদ কৰিবও নোৱাৰোঁ। ভাবি নাপালোঁ কি কৰোঁ।
পিছে মনে মনে বহি থাকিলেতো নহ’ব। ইফালে মই নেনৰ চাপৰ্ট গ্ৰুপৰ সদস্যা। নেনৰ ক্ষেত্ৰকৰ্মী মুন বৰা আৰু লিলি বৰাই গাঁৱে গাঁৱে দহ-বাৰগৰাকী মহিলাৰ একো একোটা চাপৰ্ট গ্ৰুপ গঠন কৰি দিছে যাতে আমি আমাৰ চুবুৰী বা গাঁৱত হোৱা পাৰিবাৰিক নিৰ্যাতনৰ ঘটনাবোৰত হস্তক্ষেপ কৰি ভুক্তভোগী মহিলাগৰাকীলৈ সহায় আগবঢ়াব পাৰোঁ। আৰু পাৰিবাৰিক নিৰ্যাতন যে এটা অপৰাধ এই বিষয়ে ৰাইজক বুজাব পাৰোঁ। মই এইবাৰ সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিবলৈ চেষ্টা চলালোঁ। আজৰি সময়ত শাহু-শহুৰ বা ওচৰ-চুবুৰীয়াৰ আগত নাৰী নিৰ্যাতনৰ ঘটনাসমূহ আলোচনা কৰিবলৈ ধৰিলোঁ আৰু ইয়াৰ বাবে নৰ্থ ইষ্ট নেটৱৰ্কে আমাৰ অঞ্চলত কি কাম কৰি আছে তাকে বুজাবলৈ ল’লোঁ। অকল সিমানেই নহয় ওচৰ-চুবুৰীয়া মহিলাৰ মাজত নেনৰ পাৰিবাৰিক নিৰ্যাতনৰ প্ৰচাৰ-পত্ৰিকাসমূহ বিলাই বুজালোঁ— আমি কেতিয়াও দুৰ্বল নহয়। পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত আমাক খেলৰ পুতলা হিচাপে ব্যৱহাৰ কৰা হয়, কিন্তু আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আমাৰ অধিকাৰ সাৱ্যস্ত কৰিব লাগিব। মনে মনে থাকিলে নিৰ্যাতন বাঢ়িহে যায়। আমি ইয়াৰ বিৰুদ্ধে মাত মাতিবই লাগিব। লাহে লাহে এই কৌশলে কাম দিলে। ওচৰ-চুবুৰীয়াৰ লগতে মোৰ পৰিয়ালৰ মানুহেও কথাবোৰ বুজি পোৱা হ’ল। মোৰ শাহু, ননদহঁতো সভা-সমিতিলৈ যাবলৈ ধৰিলে। আমি গাঁৱৰ বিভিন্ন ঠাইত সভা পাতিলোঁ। গুৱাহাটীৰপৰা নেনৰ প্ৰতিনিধি আহি অনেক কথা বুজাই গ’ল।
আজিকালি কথাবোৰ বহুত সলনি হ’ল। গাঁৱৰ সভালৈ যাব নিদিয়া মোৰ পৰিয়ালে এতিয়া মোক সকলো কামলৈকে আগবাঢ়ি যাবলৈ কয়। এতিয়া ক’লৈকো যোৱাত মোৰ পৰিয়াল বা চুবুৰীয়াৰপৰা বাধা নাপাওঁ। একো কটু মন্তব্যও শুনিব নালাগে। বৰঞ্চ শহুৰ-শাহুৱে, পৰিয়ালৰ সকলো লোকে সামাজিক কাম কৰাত মোক উৎসাহ হে যোগায়। আশাকৰোঁ আগলৈ নেনৰ বিভিন্ন প্ৰশিক্ষণৰ দ্বাৰা বহু কথা জানি নতুন উদ্যমেৰে কাম কৰিবলৈ সক্ষম হ’ম।
[About the Author: Rina Bora Gogoi is a homemaker from the village Halowa of Golaghat, Assam. She is actively engaged in working with Children in her village through the ‘Moina Parijat’ institution. She has a keen interest in drama, dance and music. She came in touch with NEN when she attended a meeting organised by NEN near her village, in July 2018. She has since then showed keen interest in addressing the issues of gender violence, equal rights and social justice. At present she is engaged as an active member of Gramin Mahila Kendra in her village.
In this blog, she narrates about her struggle as a simple homemaker. Initially it was very difficult for her to even step out of her house alone as married women are supposed to behave in a certain manner and stay within orthodox regulations. Villagers and even her own family members including her mother-in-law disapproved of women leaving the house let alone think about bringing a change in the society. But Rina did not lose courage. She became a member of the Support Group created by NEN at her village. These Support Groups were formed so that the women had help within themselves in case of any violence or abuse. Rina began to discuss about these issues with her family members and other women in the village. She distributed the pamphlets that explained these issues among them. They too started attending the Meetings organised by NEN. Slowly the mindset of her family and neighbours changed. Now the situation is very different, she writes. She can travel and work and has full support of her mother in law and rest of the family. She hopes to attend and learn from future trainings by NEN and continue her efforts to bring a positive change for women like her.